পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ভাবনাৰ অন্ত নাছিল, যাৰ শোক-বেজাৰ পাহৰাবলৈ মই নানা কথা জুকিয়াই লৈছিলোঁ, আজি সেইজনৰ দুখৰ কাৰণ হ'লো মই! ইয়াতকৈ আৰু হিয়া-বিদৰোৱা কথা মোলৈ কি হব পাৰে ! হায়, এতিয়াও গোহাঞিদেৱৰ বিষাদৰ আচল কাৰণ মইহে বুজিছো। তেওঁ নো আজি কেইদিনমানৰপৰা মনটি কিয় আমোলাই ফুৰে, তাৰ গুঢ় অৰ্থ মইহে ঢুকি পাইছোঁ। আনে ভাবিছে, গোহাঞিদেৱে তেওঁৰ মাউৰা অৱস্থাৰ কথা ভাবিহে বেজাৰ মনেৰে ফুৰে। তেওঁৰ অন্তৰ নুবুজা সকলে বুজিছে, তেওঁ স্বৰ্গীয় দেউতাকলৈ মনত কৰিহে আমন-জিমনকৈ ফুৰে। এদিন দেউতাতে তাৰ প্ৰমাণ পালোঁ। গোহাঞিদেৱক মন মাৰি থাকিবৰ দেখি, এদিন দেউতাই তেওঁক কাষলৈ মাতি আনি এইদৰে বুজনি দিছিল, "দেউটি ! কিয়নো বেজাৰ কৰি থাকাঁ? মৰা মৰি গ'ল, এতিয়া সেইসকলে জীয়ালৈ পিঠিহে দিছেগৈ। এতিয়া তেওঁ দেৱতা, মনুষ্যৰ মৰম-ধৰম তেওঁত নাই। এই মৰতত যাৰপৰাই পিতৃৰ মৰম-চেনেহ পোৱা যায়, তেঁৱেই পিতৃতুল্য। সংসাৰত তৰিবলৈ পিতৃৰ সহায় যি লাগিব, তাৰ অভাৱ তোমাৰ নাই। মই জীয়াই থকা দিন কেইটাত তুমি তেনে অভাৱত পৰিব নালাগিব"। এয়াকে কৈ দেউতা নিৰৱ হ'ল, গোহাঞিদেৱ নিটাল মাৰিয়েই ৰ'ল। দেউতা নিৰৱ হৈছিল, গোহাঞিদেৱৰ পৰা কিবা উত্তৰ পাবলৈ বুলি; কিন্তু গোহাঞিদেৱে ফুটাই এটি কথাও নকলে। কিন্তু, হায়, দেউতাই যি বুজনি দিলে সি গোহাঞিদেৱৰ মৰ্ম্মবেদনা ঢুকি নাপালেগৈ। দেউতাই যি ভাবি সেই কেইআষাৰ জ্ঞান দিলে, সেই ভাবত গোহাঞিদেৱ আচলতে নাই। তেওঁ যি ভাবত, সেই ভাব মইহে বুজিছোঁ। মইহে তেওঁৰ মনৰ আচল ভাব বুজি উচিত বুজনি দিব পাৰিলোহেঁতেন। দেউতাই বুজাওঁতে মই বেৰ-জলঙাইদি জুমি চাই আছিলো। চাই চাই আৰু শুনি শুনি মোৰ মন উচ্ পিচাবলৈ ধৰিলে। মনত এনেহে লাগিছিল, যেন দেউতাৰ আধা-কোৱা