পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
ভাগ্যপৰীক্ষা

 এতেকতে, দেখা গ’ল পৰীক্ষাত,
 ভাগ্যৰেহে সঁ‌চা বল,
 ধনত সকাম নাই ভাগ্য নেথাকিলে।
ভা-ক—তোমাৰ সুন্দৰ আৰু সৰল চৰিত্ৰ
 দেখি প্ৰীতি পালোঁ অতিশয়।
 দিলোঁ বৰ, শুনা, শুনা—
 তোমাৰ ঘৰত
 সদায় থাকিম মই,
 নেৰোঁ নেৰোঁ তোমাক নিশ্চয়।
ধ-ক—শুনা শুনা ময়ো দিলোঁ বৰ—
 ময়ো নেৰোঁ তোমাক কদাপি।
 আছোঁ আমি ছদ্মবেশ ধৰি,
 চোৱাঁ চোৱাঁ, দেখুৱাওঁ স্বৰূপ মুৰতি।
 ( ভাগ্যকন্যা আৰু ধনকন্যাৰ অন্তৰ্দ্ধান )
পানী-এঁ‌! এঁ‌! কেনি গ'ল!

 

পট পৰিৱৰ্ত্তন

মায়া কানন।

(ভাগ্যকন্যা, ধনকন্যা আৰু দুইৰো সখীসকল )
পানী--জেতুকী-মাক, বেগাই আহাঁ‌! বেগাই আহাঁ‌! আহাঁ‌! আহাঁ‌!
 চোৱাঁহি! চোৱাঁহি!

(বেগেৰে মাণিকীৰ প্ৰবেশ)