পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাগ্যপৰীক্ষা ৭৯ লাগিছে। আপোনালোকে (শাক দুখ দেখি পুতে কৰিছিল; এতিয়া সুখৰ দিনত যে শূল দিলেহি, সেই বাবে মোৰ বৰ কপাল বুলি মানিছে। আপোনালোকৰ গুণ মই জনমে জনমে পাহৰিব নোৱাৰে। ( বিহুৱা আৰু বগাইৰ প্ৰবেশ। বিহু-দেউতা, আজি হেৰোৱ: ধনব কিবা উজান উঠিছ। এয়া বগায়েও এটকা কম এশ ৰূপ পাই আনিছে। আয়ে কৈছে বোলে এয়াও হেনো আমাৰে ধন; ধন বন্ধ কাপোৰখন দেখিয়েই তেখেতে চিনিলে। পানী-হয় নে কি, বগাই? কি ধন পালি? গাই-দেউতা, এই; এই চেলেং কাপোৰখনৰ আগতে এটকা কম এশ ৰূপ বাকি থোৱা আছিল। মই আকৌ আগৰ দৰেই বান্ধি, হৈছে। কাপোৰখনেৰে মনেৰে কোনোবাই পাগুৰি মাৰিছিল হ’বলা। পাগুৰিটো মাৰি সোলো কাই থোৱাৰ দৰে চিন পাইছিলে॥ পানী-হয়; হয়! সেই খনেই কাপোেৰ। তই ক’ত পালি? বগা-বাৰী-চুকত যে সেই শিমলু গছ জোপা আছিল, কেৰেণে খোৱা গছ, এতিয়া ভাগি পৰিল। তাৰ আগতে চিলনীৰ বাহ এটা আছিল! মই আকৌ বেলে, ভাল হৈছে, চিলনী পোৱালী থাকিব পায়, লৈ আহোঁগৈ। তেনেকৈ বুলি গৈ, বাহটো চাওঁগৈ, দেখোন ‘চলনী পোৱালী নাই, আছিল এই ৰূপ গাল? পানা-আজি মোৰ নিশ্চয় বৰ ভাল দিন; নহলে হেৰোৱা ধন এই দৰে ঘুৰি ঘূৰি পাই মুফুৰে। অপোনালোকে ধুলা দিয়াহি বাবেই