পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ 8.-দৃ. ২. ভাগ্যপৰীক্ষা ৬৩ বেলো বুলি ক'ল, মই তামোলৰ বটাটোতে পেলাই থলে॥ ভোমাৰ কথাতে তেনেই মৰিব লগীয়া! কিনে হ'লহেঁতেন ঐ! তেনেই মৰিলে হেতেন ঐ! পানী হেৰ, তই মোক বলিয়া কৰিবি এতিয়া। কথাটো কি? হ’ল কি? মাণি-মই দলিয়াই নেপেলাই, বটাটোতে ভাল থৈ দিছিলোঁ। ঐ? দেহি ঐ! পানী-বাৰু মই পেলাই দিবলৈ ক'লে, নেপেলাই থ’লি থলি বটাতে; সেই ৰাবে নে' এতিয়া কি জগৰ লাগিল? মাণিজগৰ লগা নাই। কালি মাণিকলাল জহৰীৰ ঘৈনীয়েক আহি- ছিল; তেওঁ, সেইডোখ দেখি, গিৰীয়েকক দেখুৱাবলৈ খুজি লৈ গল। আজি এতিয়া তেওঁ আহিছে; কি কৈছে শুনাহিচোন। পানী—হেৰ কি কৈছে? কি কৈছে? মাণি—কৈছে বোলে সেইডোখৰ হেনো আচল হীৰা। কোনোবা ৰজাক দিলে হেনো এতিয়াই বহুত ধন দিব। তুমি ভাল পেলাই দিবলৈ কৈছিল। ঐ। পানী-হেৰ কিনো কৰ। সচা নে? মাণি—সঁচা মিছা তুলি নিজ কানে শুনাহি; তেওঁ ভিতৰতে আছে। পানী—বলচোন বাৰু ব’ল, ব’ল। তাকে অত ৰেলি নকৱ কিয়? (দুইৰে প্ৰস্থান)