তৃতীয় দৃশ্য—পাহবৰৰ দোকান।
( পাহবৰ আৰু ধূলিৰাম)
পাহবৰ-সেই কেৰাচিন্ তেলৰ টিন্বোৰত একোটা ফুটা দি, এসে
এসেৰ তেল উলিয়াই লগৈ; আৰু ফুটাবোৰ ৰাংপানীৰে জালি
গগৈ। পাচে, টিনবোৰৰ তলিত ফুটা দিবি দেই, তেহে
পোনে পোনেহ চকুত নপৰা হ’ব। তেও যদি কোনোবাটো
ঘেকেটি-খোৱা মানুহে লুটিয়াই বাগৰাই চাই, ধৰিব পাৰে,
তাক ক'ব বুলি আমি ক'ব নোৱাৰোঁ; জাহাজত খালাচীয়ে
চাগৈ তেল চুৰ কৰিলে।
ধূলিৰাম--বাৰু মই ক'ব জানিম। মই লাগে সাতবাৰ মান গোসাঁইৰ
শপতকে থাম।
পাহ—খাবি তোন; আমাৰ বেপাৰী মানুহৰ কি গুৰু গোসাঁই আছে?
মচুৰ মাহত শিল-গুটি মিহলালি নে?
ধুনি—কেলেই, ঘিঁউৰ টিনবোৰত নাৰিকলৰ তেল আৰু মচুৰ মাহ দহ
মোণত দহ সেৰ শিল-গুটি একেদিনাই মিহলাই থৈছো নহয়।
পাহ—দহ মোণ মাহত দহ সেৰ শিল-গুটি তাকৰ হ’ল।
ধূলি—শিল-গুটি আৰু নাই, মই কি কৰিম? বাৰু আধা মোণ
মান ধূলিকে মিহলাই থ’ম।
পাহ—ধূলি নিবিবি; জোখোতে মাথোতে উড়ি যায়। তাতকৈ,
বালিকে দিবি; সি গধুৰ বস্তু, উড়ি যাব নোৱাৰে।