পানী—সেইটো কৰিব পৰা হ'লে দেখোন তৰিবই পাৰোঁ! পাচে, তাকে
কৰোঁ কেনেকৈ? দিনৌ, দহ জোৰা মাৰি কোনোমতে, মৰা-
পাট একোমুঠ গোটাই আনো; তাৰেই ফই একোডাল বাটি,
তাকে, আধামূলীকৈ হলেও, ততালিকে বেচি আনিলেহে
খাবলৈ হয়; নহলে মোৰ লঘোন। তেনেহলে নো, অপো-
নালোকক ফই বাটি দিবলৈ, মই পোন প্ৰথমতে, মৰা-পাটকে
পাম ক’ত? * কোনোবা স্বৰূপে যদি এমুঠি পাই, দুগছ
এগছ বাটিবও পাৰোঁ, তেন্তে, তাকে বেচি কিনি নানি, থাউকতে
বেচিম বুলি, সাঁচি থ’লে, মই খাঁও কি?
ধ-ক -সেই বাবে বাৰু চিন্তা কৰিব নেলাগে। আমি তোমাক এতিয়াই এশ টকা ৰূপ দি যাওঁ। তাৰে তাকৰীয়াকৈ টকাদিয়েক তুমি ভঙ্গি খাবা; আৰু ইখিনি ৰূপেৰে মৰা-পাট কিনি, ফই বাটি থৈ দিবা। আমি আহি, হাততে ধন দি, এটাইখিনি ফই কিনি নিম। তেতিয়া সেই ধনেৰে আকৌ মৰাপাট কিনি আনিব। এইদৰে কিছু দিনৰ মূৰত দেখিবা, তুমি আৰু দুখীয়া হৈ নেথাকা।
পানী--হে দেউতা ঈশ্বৰ, এনে কথা কিয় কয়? মই খুদ মগনীয়া ভিকহু, মোৰে সৈতে নো আপোনালোকে ধেমালি কৰিলে শুৱায় নে? মোৰ সাত পুৰুষতো এশ টকা ৰূপ দেখা নাই।
ধ-ক-কামি একো ধেমালি কৰা নাই; যি কৈছোঁ, স্বৰূপ কথা। এইটো জাল মোনাতে এশ টকা ৰূপ লেখি আনিছোঁ; তোমাক দিলোঁ, ৰ॥ মন পুতি কাৰবাৰ কৰিবা, তোমাৰ উন্নতি হ'ব। আমি ফই নিবলৈ দুমাহ মানৰ মুৰত আহিম। এতিয়া বিদায় কৰিলোঁ।