পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভাউৰা পুৰাণ

দিহা—

 আই হেৰে যাগৈ যা, বোপাই হেৰে নাযাও যা
 নেগালি হবো কিয়া, পুৱালি হব বিয়া,
 আই হেৰে যাগৈ যা।
নোন থৈ আহিলি ক’ত ঐ চেনেহী
 খাৰ থৈ আহিলি কত।
থোথা ৰাজাৰ ঘৰতে লুতুৰ কৰি বহিলি
 পৈয়েৰেক এৰিলি ক’ত॥
চিলাই পুঠি মাছ নিলা হৰি হৰি
 চিলাই পুঠি মাছ নিলা।
থোথা ৰাজাৰ ঘৰৰে শিলিখা মাদলী
 চেনেহীৰ গলতে দিলা॥
ধান তলিত বান্ধিলো বোজা হৰি হৰি
 ধান তলিত বান্ধিলো বোজা।
আজিহে চেনেহী নৰিয়া পৰিছে
 খেদ্‌লাক লগাইছে ওজা॥
উলি তামোলৰ পুলি হৰি হৰি
 উলি তামোলৰ পুলি।
আজিহে চেনেহীক থোথা ৰজাই লৈ যাই
 চেনেহীৰ হাতত ধৰি॥
থোথা ৰাজাৰ বাৰীতে এক ডালি বগৰি
 টিয়াই ধুনি ধুনি খাই।
থোথা ৰাজাই জোকাৰে কেতকী বোটালে
 হৰিমল গোচৰক যাই॥