পৃষ্ঠা:ভবিষ্যত কথা.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
সন্ত চৰিত্ৰ।


ইসব কথাক শুকে সম্বরি য়া থৈলা।
আতপৰে যি ঘটিলা কহিবাক লৈলা॥

⸺০⸺



দামোদৰ দেৱৰ জন্ম।

শুকদেৱ বদতি শুনিয়ো নৰেশ্বৰ।
যি মতে জন্মিলা প্ৰভু ৰূপে দামোদৰ।
গৌতমৰ পুত্ৰ পৌত্ৰ অনুক্ৰমে গৈলা।
একাধিক বিংশতি পুৰুষ বহি গৈলা॥
পূৰ্ব্ব তপস্যাৰ ফলে বসুদেৱ আসি।
ক্ষত্ৰিয় শৰীৰ ত্যজি ভৈলা ব্ৰহ্মঋষি॥
যিটো জন পৃথিবীত দেখা ধনৱন্ত।
পৰম চতুৰ অতিশয় গুণৱন্ত।
শুচিমন্ত শ্ৰীমন্তৰ গৃহত অদ্যাপি।
যোগভ্ৰষ্ট জনে জন্ম ধবে পুনৰপি॥
নুহিবা উপজে আসি যোগীৰ গৃহত।
গীতাত কহিলা কৃষ্ণে সখি অৰ্জ্জুনত॥
এনেকে জানিবা যোগ ভ্ৰষ্ট বসুদেৱ।
জনমিলা পুনৰপি কোনে নমানিব॥