এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
সন্ত চৰিত্ৰ৷
বিনা বাৱে আগত উফৰি পৰে তৰু।
ঘোৰ ৰাৰ কাঢ়ি ডাহিনক যাই কেৰু॥
সৈন্যব উপৰে গৃধ্ৰগণে ফুৰে পাক।
ধ্বজৰ উপৰে পৰি ডাকে ঢৰাকাক।
সৈন্যৰ উপৰে মেঘ বৰিষে ৰুধিৰ।
আগে পাছে ঘোৰ ধূম্ৰকেতু ভয়ঙ্কৰ॥
হেন বিমঙ্গল দেখি সৈন্যৰ অসুখ।
মোহৰ সৈন্যৰ আসি ভৈলেক সম্মুখ॥
পাছে মই আগ বাঢ়ি চাহিলোঁ নিৰখি।
পৌণ্ডৰ্ক সহিতে আসি ভৈলো দেখা দেখি॥
যেন নট বেশ ধৰি সভাত প্ৰবেশ॥
সেহি মত তাৰ শিৰে অকুঞ্চিত কেশ॥
শ্যাম তনু সুলোচন মুখে মন্দ হাস।
কণ্ঠত কৌস্তভ শিৰে কিৰিটী প্ৰকাশ॥
গলে বনমালা আছে অজানুলম্বিত।
কৰ্ণত কুণ্ডল শোভে শ্ৰীবৎস হিয়াত॥
কঙ্কালে প্ৰকাশ কৰে ভূনি পাট পীত।
ৰত্নৰ মেখলা বান্ধি আছয় কটিত॥
কনু ঝুনু কৰি বাজে পাৱত নপুৰ৷
হেন দিব্য ৰূপে তাঙ্ক দেখিলো শঙ্কৰ॥