পৃষ্ঠা:ভবিষ্যত কথা.djvu/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
পৌণ্ডৰ্কৰ উপাখ্যান ৷

মই কৃষ্ণ অৱতাৰ ভৈলো কাশী পুৰে।
সাধিবো কল্যাণ মই সবে জগতৰে॥
মোৰ নাম লৈয়া সিটো বসুদেৱ সুত
গুণ বখানিয়া ফুৰে সমস্ত জগত॥
অবে হেন কহিয়োক মোহৰ বচন
চলবাদ এৰি থাকিবেক মনে মন॥
মোৰ আজ্ঞা যদি নাপালিব হেলা কৰি।
কটিবোহু শিৰ তাৰ হাতে খড়্গ ধৰি।
এহি আজ্ঞা কৰিলন্ত পৌণ্ডৰ্ক দেৱ হৰি।
এহি বুলি দুত পাছে থাকিল অন্তৰি॥
হেন শুনি কৃষ্ণ বলভদ্ৰ আদি কৰি।
আনু যদুগণে শুনি হাসে ৰিঙ্গ পাৰি॥
মাধৱে বোলন্ত শুনিয়োক দুতগণ।
জানো আমি পৌণ্ডৰ্ক সাক্ষাতে নাৰায়ণ।
পৌণ্ডৰ্কৰ আগত কহিবি নিষ্ট কৰি।
এৰিবহু বাসুদেৱ নাম আজি ধৰি॥
আমিয়ো মানিব তাঙ্ক ত্ৰিদশ ঈশ্বৰ।
পৌণ্ডৰ্কৰ আগে মোৰ কহিয়ো উত্তৰ॥
এহি বুলি প্ৰবোধিয়া পঠাইলা দুতক।
আদেশ কৰিলা হৰি যাদবি সেনাক॥