পৃষ্ঠা:ভবিষ্যত কথা.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সন্ত চৰিত্ৰ।


সংসাৰ অৰণ্য মাঝে  ইটো নৰ-তনু-গৃহে,
 নৰ খান দ্বাৰ আছে তাত।
মোহ-অন্ধকাৰ-ৰাতি,  বলৱন্ত কাল-চোৰ,
  ছিদ্ৰ চাই ফুৰন্ত সতত॥
হেন জানি শৰীৰত, বিষয়ৰ আশা যত
 তাহাক এৰিয়ো সাবহিত।
কুলৰ স্বধৰ্ম নীতি, কৰ্ম্মক কৰিবা ইতি,
 জ্ঞান-খড়গ ধৰিবা হাতত॥
সজাগে থাকিবা বসি,  স্থিৰ কৰি দুই অক্ষি,
 হৰি নাম নছাৰিবা মুখে।
ক্ৰোধ, লোভ, মদ এৰি,  খল হিংসা পৰিহৰি,
 তৰি সংসাৰ তেবে সুখে॥
এৰা বিষয়ৰ ৰঙ্গ, লোৱ মহন্তৰ সঙ্গ,
 এৰা আল জাল যত কাম।
কহে দ্বিজ শিশুমতি,  আন ধৰ্ম্মে নাহি গতি,
 ডাক ছাৰি বেলা ৰাম ৰাম॥