পৃষ্ঠা:ভবিষ্যত কথা.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
হৰ হৰিৰ কথোপকথন।


শঙ্কৰ বদতি হৰি,  কহিয়োক নিষ্ঠ কৰি,
  পৌৰ্ণ্ডকৰ কথা বিপৰীত।
কি হেতু তোমাক সিটো,  শত্ৰুভাব কৰিলন্ত,
  তাক শুনিবাক মোৰ চিত্ত॥
শুনিয়োক সৰ্ব্বজন,  কৃষ্ণক অৰ্পিয়া মন,
  দেখা কেনে মাধৱৰ লীলা।
অজ্ঞান আন্ধাৰ নাশি,  দামোদৰ ৰূপে আসি,
  পুনু পৃথিবীত উপজিলা।
হেন জানি আন কাম,  ত্যজি লোৱা তান নাম,
  বৃথা কিয় কৰা আয়ু পাত॥
শঙ্কৰৰ আগে হৰি,  কহিলন্ত নিষ্ট কৰি,
  শঙ্কৰে কহিলা পাৰ্ব্বতীত॥
শুন সন্ত সধুলোক,  মিছা নুবুলিবা মোক,
  কহিলোহু স্বৰূপ বচন।
হৰ গৌৰী সম্বাদত,  আছে ইটো কথা যত,
  তাক চাই লভিবা প্ৰমাণ॥
হেন জানি আন এৰি,  সদায়ে ঘোষিও হৰি,
  তৰা ঘোৰ সংসাৰ-সাগৰ।
যত ধন জন দেখা,  যেহেন জলৰ ৰেখা
  ইহাত নাহিক কিছু সাৰ।