এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
সন্ত চৰিত্ৰ।
মহামায়া গোসানীক, কেহ জনে নিন্দিবেক,
কেহ নিন্দিবেক লম্বোদৰ।
এহি মতে কত লোক, যাইবে ঘোৰ নৰকক,
কত হৈব সংসাৰৰ পাৰ॥
যত মহা জ্ঞানী লোক, তুমি আমি দুহান্তক,
দেখিবন্ত একে কলেবৰ॥
আনু যত সাধু জন পশু পক্ষী পতঙ্গক,
ব্ৰহ্মময় দেখিবে সংসাৰ॥
তোমাক আমাক যিটো, ভিন্নভাৱ কৰি মানে
শুনা কহো তোমাৰ আগত।
সিটো নৰ আত্মঘাতী, তাৰ আৰ নাই মুক্তি,
সদায়ে থাকিব নৰকত॥
পৌৰ্ণ্ডক নামত খ্যাত, আছে গন্ধৰ্ব্ব লোকত,
শত্ৰুভাবে চিন্তিলা মোহক।
হৈবে তযু সঙ্গী যাই মাধৱ নামক পাই,
প্ৰকাশিব শ্ৰৱণ ধৰ্ম্মক॥
এহি মতে দেৱ হৰি, সবাকো আশ্বাস কৰি,
শঙ্কৰক আশ্বাসি বহুত।
পাৰ্ব্বতীক প্ৰীতি বাণী, প্ৰবোধিলা চক্ৰপাণি,
হৰ গৌৰী ভৈলা আনন্দিত॥