পাতনি।
⸻
আমি বহু যতনেৰে, কেইবাখনো “ভৱিষ্যপুৰাণ” পুথি অনাই, চাই এই পুথিখনি প্ৰস্তুত কৰিছোঁ। আমি যিমান পাৰিছোঁ হাতেৰে লিখা পুথিৰ ভূলবোৰ সংশোধন কৰি দিছোঁ। তথাপি যে ই নিৰ্ভূল হৈছে তেনে কথা আমি ডাঠি কব নোৱাৰো। সহৃদয় পাঠক সকলে যেন তেনে ভূলভ্ৰান্তিৰ নিমিত্তে আমাক ক্ষমা কৰে।
এইখনি অসমীয়া সাহিত্যৰ ভিতৰত এখনি বৰ মূল্যবান পুথি। ইয়াৰ পৰা আসামত প্ৰচলিত বৈষ্ণৱ ধৰ্ম্মৰ প্ৰকৃত তত্ত্ব অবগত হব পাৰি আৰু এই দেশত জন্ম গ্ৰহণ কৰা প্ৰসিদ্ধ বৈষ্ণৱ সকলৰ সম্বন্ধেও আচল কথা জানিব পাৰি। আজি কালি মানুহে শিক্ষাৰ বা কুশিক্ষাৰ বলত গাৰ বলেৰে যেয়ে যিহকে মন যায় তাকে প্ৰকৃত ঐতিহাসিক তত্ব বুলি প্ৰকাশ কৰা দেখা যায়। মূলৰ প্ৰতি লক্ষ্য কৰা আৰু সেই মূলৰ সাৰ কি তাক অনুসন্ধান-কৰা লোকৰ সংখ্যা আমাৰ দেশত ইমান কম যে, নাই বুলিলেও অত্যুক্তি নহয়। অনেক বুঢ়ি আইৰ বা ককা দেউতাৰ বা দেউতাৰ পৰা শুনা সাধু কথাৰ ওপৰত নিৰ্ভৰ কৰি জীৱন চৰিত্ৰ লিখা দেখা গৈছে; আৰু অনেকক তেনে কিতাপ আগ্ৰহেৰে পঢ়াও দেখা গৈছে। এইটো যে, কিমান অনিষ্টকৰ কথা তাক পাঠক সকলে অলপ ভাবি চানেই বুজিব পাৰিব।
এই পুথিখনৰ ৰচনা কাৰক ৺কবিচন্দ্ৰ আছিল। ৺ৰামসৰস্বতীৰ ককায়েক যে কবিচন্দ্ৰ আছিল তাক সকলোৱে জানে। পাঠক সফলে গ্ৰন্থ খনি আদ্যোপান্ত পঢ়িাচালে বুজিব পাৰিব বাস্তবিক