পৃষ্ঠা:ভবিষ্যত কথা.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সন্ত চৰিত্ৰ ৷

শঙ্কৰ বদতি হৰি  কহিয়োক নিষ্ঠ কৰি,
 পাৰ্ব্বতী কৰিলা সুমৰণ।
সংসাৰৰ লোক যত,  পাপে ভৈলা জৰ্জ্জৰিত,
 সি সবৰ কহিয়ো তৰণ॥
হেন শুনি নাৰায়ণ, ভৈলা হৰষিত মন,
  লোকৰ চিন্তিবে লৈলা হিত।
এনেতে হংসত চৰি,  চাৰি মুখে বেদ পঢ়ি,
 কৈলাসত ভৈলা উপনীত॥
পাতালৰ হন্তে বলি,  আসিলা অনন্ত হৰি
 কৈলাস শিখৰে উপসন।
প্ৰহ্লাদ নাৰদ যত,  আনু দেৱ অসংখ্যাত
 ব্যাস আদি কৰি ঋষিগণ॥
অক্ষয় বটৰ তলে  সবে দেৱ কৌতুহলে,
 বসিলেক দিব্য সভা পাতি।
অনন্তৰে দেৱ হৰি,  ভকতৰ ভয় হাৰি,
 বুলিলন্ত শঙ্কৰক মাতি॥
“তুমি জগতৰ গুৰু, ভকতৰ কল্পতৰু,
 শুনিয়োক মোহৰ বচন।
লোকৰ চিন্তিয়া হিত,  নিস্তাৰিয়া ত্ৰিজগত,
 পৃথিবীত হুয়ো উতপন্ন॥