পৃষ্ঠা:ভবিষ্যত কথা.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
বিষ্ণুৰ বৰ প্ৰদান।


মহা তুষ্ট ভৈলু মই তোমাৰ বাক্যত।
কৰিবহু সিদ্ধ তযু মনৰ বাঞ্ছিত॥
খুজা যদি দেও সপ্ত দ্বীপা বসুমতী।
যদি বাঞ্ছা কবা দিব পুবী অম্ৰাৱতী॥
যদি ব্ৰহ্মলোক বা কৈলাস আছে ইচ্ছা।
নুহি সশৰীবে বৈকুণ্ঠক কৰা বাঞ্ছা॥
তুষ্ট ভৈলু তোমাত মাগিয়ো ইষ্ট বৰ।
যেহি খুজা সেহি দিব মোৰ অঙ্গীকাৰ॥
হেন শুনি গৌতমৰ উল্লাসিত প্ৰাণ।
নমিলা কৃষ্ণব পাৱে পৰশি শৰণ॥
হৃদয়ত চিন্তি যোগীগণে নপাই নাক।
হেন পূৰ্ণ ব্ৰহ্মক হাততে পালো লাগ॥
গৌতমে বোলন্ত শুনা ত্ৰিজগত পতি।
কি কৰিবে। আমি সপ্তদীপা বসুমতী॥
অম্ৰাৱতী পুৰীত মোহৰ ইচ্ছা নাই।
কি কৰিবো ব্ৰহ্মলোক কৈলাসত যাই॥
নাহিকে মোহৰ ইচ্ছা বৈকুণ্ঠ পুৰত।
ভকতৰ সঙ্গ যে নচাৰোক সতত॥
শুনা যি কাৰণে প্ৰভু! তোমাক আৰাধো
এক ইষ্ট বব তযু চৰণত মাগো॥