এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সন্ত চৰিত্ৰ।
চন্দ্ৰ সূৰ্য্য গ্ৰহ তাৰা বন উপবন।
তুমি সৰ্ব্ব ব্যাপক কাহাতো নহ আন॥
বাক্যেয়ো নপাবে কেহ মহিমা কহিতে৷
পঞ্চমুখে সদাশিৱ নপাবে বৰ্ণিতে॥
চতুৰ্ম্মুখে পিতামহ তযু গুণ গায়।
মন বুদ্ধি তৰ্কিতে নপাবে কল্পনায়॥
মায়াময় সংসাৰ-সাগৰ ভয়ঙ্কৰ।
বিষয়-বাতাসে প্ৰকম্পিত নিৰন্তৰ॥
হেনয় সাগৰে তযু পদনৌকা এৰি।
নাপাওঁ নিস্তাৰ মোহ-পাশে ফুৰো ঘূৰি॥
বন্ধুৰ সংযোেগে সুখ বিয়োগে বিকল।
যেন সাগৰত উপঙ্গি যাওঁ তল॥
দাস বুলি কৃপা মোক কৰা নাৰায়ণ।
তযু নাম এৰি নভাযৌক মুখে আন॥
তযু দিব্য ৰূপ হৃদি নেবৌক সৰ্ব্বদা।
হেন কৃপা কৰা মোক দাস বুলি সদা॥’
এহি বুলি ঋষি স্তুতি কৰিলা বিস্তৰ।
তাক নকহিলো পদ বিস্তৰৰ ডকে॥
কৃষ্ণে অল্প কৰি হাসি বুলিলা বচন।
কি কাৰণে কবা স্তুতি ঋষি তপোধন ॥