এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিষ্ণুৰ বৰ প্ৰদান।
মাথা ছোৱাই ইন্দ্ৰে কৰিলা কৃতাঞ্জলি।
কৰিবে লাগিলা স্তুতি ত্ৰাহি কৃষ্ণ বুলি॥
“নমো নমো অনাদি অনন্ত বনমালী।
চৰাচৰ জগতক আছা প্ৰতি পালি॥
বাক্যেও নপাৰে তযু মহিমা কহিতে।
মনেও নপাৰে কেহ চিন্তিৰ হিয়াতে॥
অনন্ত শকতি যাৰ নাহি আদি অন্ত।
চাবি মুখে ব্ৰহ্মায় সদায় ধিয়ান্ত॥
সংহাৰ কাৰক জগতৰ গুৰু হব।
তোমাৰ মহিমা তে নপাৱন্ত ওৰ॥
তযু কটাক্ষতে হোৱে ব্ৰহ্মাণ্ড সংহাৰ।
ইচ্ছ ভৈলে তেখনে উপজে পুনৰ্ব্বাৰ॥
হেন হৰি তুমি জগতৰ শিৰোমণি।
কিবা তুমি জানো আমি পৰম অজ্ঞানী।
ভৃত্য হেন জানি মোক দিলা অম্ৰাৱতী।
তোমাৰ প্ৰসাদে মোক বুলে সুৰপতি॥
মোৰ কৰ্ম্ম বশে দেখো সিও মান বুৰে।
গৌতমৰ তপস্যা দেখন্তে ধাতু উৰে॥
গৌতমে একান্ত মনে আৰাধে তোমাক।
নিৰাহাৰে বহি আছে শতেক বৎসৰ॥