পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্ত চৰিত্ৰ।


কলিব বিবোধী মন বুদ্ধি স্থিৰ কবি।
লক্ষী সহ একাসনে থাকিলন্ত হৰি।


বিষ্ণুৰ বৰ প্ৰদান।

 শুক মুনি বোলন্ত শুনিয়ো নৃপবৰ।
গৌতম মুনিৰ কথা শুনা আতপৰ॥
হিমালয়ত গৌতম আছে তপ কৰি।
ৰায়ুক নিয়মি মন বুদ্ধি স্থিৰ কৰি॥
শিৰত বসাই যোগ-অগ্নি ভয়ঙ্কৰ।
ধূৰ্ম্ৰময় সমস্তে আকাশ নিৰন্তৰ॥
শৰীৰ প্ৰকাশে যেন প্ৰভাত ভাস্কৰ।
ধূম নিকলয় নিশ্বাসত নাসিকাৰ॥
অগনি কনিকা মুখে উঠে ঝাকে ঝাকে।
হেন তপ দেখি ভয় ভৈলা দেৱ লোকে॥
মুনিৰ দেখিয়া ঘোৰ তপৰ প্ৰভাৱ।
বিষ্ণুভুবনক ভয়ে গৈলন্ত বাসৱ॥
ত্ৰিদশ সহিতে ইন্দ্ৰে দেখিলা বিষ্ণুক।
দণ্ডৱত কৰি প্ৰনমিলা দেৱ ঝাক॥