এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সন্ত চরিত্ৰ।
মনত ভৰষা কৰে পিতৃ মাতৃ দুই।
এহি মতে সুখভোগ ভুঞ্জিব সদায়॥
অনুক্ৰমে বৃদ্ধকাল হৈব কত দিনে।
পুত্ৰগণে প্ৰতি পাল কৰিব যতনে॥
পছে দেহ এৰি দুয়ো স্বৰ্গে যাব চলি।
ৰাম কৃষ্ণ বঙ্গে দিব পিণ্ড জলাঞ্জলি॥
এহি মতে আশা কৰি আছিলন্ত দুই।
বাঞ্ছা সিদ্ধি কবিবাক নপাৰিলো মই॥
মোব ইচ্ছাতেসে ঋষিগণে শাপিলন্ত।
একে লগে যদুকূল সবে ভৈলা হত॥
আসিলোহু নিজ স্থানে পৃথ্বী ভাৰ হৰি।
পাছব কথাক মই নচাইলোহু ফিৰি॥
মোব অৰ্থে যত দুঃখ পাইলা পিতা মাতা।
নাপালো পালিব দোহে চলিলা বিধাতা॥
কিনো মায়া ইটো মোৰ দুঃসহ সতত।
মোৰ পিতৃ মাতৃ নতৰিলা সংসাৰত॥
সামান্য কোন কথা মায়াৰ আগত।
ময়ো মোহ হওঁ কতো আপন মায়াত॥
দেখা পারিষদগণ মায়াৰ প্ৰভাৱ।
ভালেতো সংসাৰ-বনে ভ্ৰমে জীৱ সব॥