পৃষ্ঠা:ভবিষ্যত কথা.djvu/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
সন্ত চৰিত্ৰ।


তাসম্বব দুঃখ মই সহিবোহু কত।
দেখ নব নবী সবে কবে ছট ফট॥
কতদিন সেহি বন্দীশাল-মন্দিৰত।
নিজ ৰূপে উপজিলোঁ দুহান আগত॥
মোক দেখি পিতৃ মাতৃ ভৈলন্ত বিস্ময়।
হেন দেখি দুহান্তক দিলোহু নিৰ্ভয়॥
কহিলো মোহব নিজ মহিমা আপনি।
তথাপি কংশৰ ভয়ে কম্পে দুয়ো প্ৰাণী॥
ঘোৰ যাতনাব দুঃখ তাকো পাশবিলা।
চুৰি কবি মোক নিয়া গোকুলত থৈলা॥
যোগীগণে মোক চিন্তি তবয় সংসাৰ।
স্বপ্নতো নেদেখে মোক ইটো চৰাচৰ॥
দেবগণ অসুৰত পায়া মহা ভয়।
আমাৰ প্ৰসাদে সূবে থাকই নিৰ্ভয়॥
দৈৱকী পাইলন্ত মোক পুত্ৰ তপস্যায়।
বিধিৰ বিপাকে তান কিঙ্কৰ পৰাই॥
নাহি স্নান ভোজন নিদ্ৰাও নিমিলয়।
তাসম্বাব দুঃখ দেখি হৃদয় দহয় ॥
পাছে কত দিন নন্দ গৃহত আছিলো।
নানা লীলা কবি দুষ্ট দানৱ বধিলোঁ॥