এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
সন্ত চৰিত্ৰ।
শুকে কহিলন্ত কথা শুনা নৃপবব।
শুনা সাৱধানে এবে আত অনন্তৰ॥
দ্বাৰকাক এবি যি কালত যদুপতি।
কৌতুহলে বৈকুণ্ঠ পুৰত ভৈলা স্থিতি॥
জগত জননী লক্ষ্মী দেবী আগ বাঢ়ি।
প্ৰণমিলা মাধৱক চৰণত ধৰি॥
পাৰিষদ গণে উপাসন্ত চতুৰ্ভিতি।
আসনে বসিয়া হবি কবন্ত দীপিতি॥
পুছিলন্ত ইটো কোন জন বা দুৱাবী।
শুনি মুচুকাই হাসিলন্ত মহা হবি॥
হেন শুনি মাতিলন্ত জগতৰ স্বামী।
“তবু স্বামী মই হবি নিচিনাহা তুমি॥”
লক্ষ্মীয়ে বোলন্ত আবে জানিলোঁ নিশ্চয়।
“বানৰক হবি বোলে জানি আছো মই॥”
তুমি যদি বানৰ ইয়াতে আছা কিক।
নানা ফল ফুল খাবা যাহা পৰ্ব্বতক॥”
মাধৱে বোলন্ত “শুনিয়োক প্ৰাণেশ্বৰী।
মই মধুসূদন জানিবা নিষ্ট কবি॥”
লক্ষ্মী নিগদতি “যদি হোৱা মধুকৰ।
পূষ্প মধু ভূঞ্জা গৈয়া বৃক্ষৰ উপৰ॥”