এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
সন্ত চৰিত্ৰ।
ব্ৰহ্ম শাপে অহল্যা তেখনে শিলা ভৈলা।
পাছে ঋষিৰাজ মনে গুণিবাক লৈলা॥
কলঙ্ক ভৈলেক এবে মোহৰ বংশত।
ইটো কথা ঘোষিবেক ইতিনি লোকত॥
মই হেন মহা ঋষি ত্ৰিজগতে জানে।
ইটো কলঙ্কক মই গুচাও কেমনে॥
উগুল থুগুল একো নাই সুখ শান্তি।
উপায় পাইলেক এক মনে গুণি গান্থি॥
ত্ৰৈলোক্য ঈশ্বৰ প্ৰভু দেৱ নাৰায়ণ।
ভকতৰ মনোৰথ কৰিবে পূৰন॥
মই তাৰ দাস বাত্ৰি দিনে কবো সেৱ।
মোক কৃপা কৰিবন্ত কৃপালু মাধৱ॥
তাহান চৰণে মই নিয়ম কৰিব।
মূল মন্ত্ৰ স্মৃৰি উগ্ৰতপ আচৰিব॥
কৃপাৰ সাগৰ প্ৰভু দেৱ যদুপতি।
মোহৰ বংশত যেবে হোৱে উতপতি॥
তেবেসে গুছয় মোৰ বংশৰ কলঙ্ক।
এহি ভাবি ঋষিৰ মনত ভৈলা ৰঙ্গ॥
উত্তৰক লাগি ঋষি কৰিলা গমন।
এৰাইলন্ত নদ নদী বন উপবন॥