পৃষ্ঠা:ভবিষ্যত কথা.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সন্ত চৰিত্ৰ।

কি কহিবো তোমাত আপনি-সৰ্ব্বজান।
তযু ৰূপ স্মৰি মোৰ ভঙ্গ ভৈলা ধ্যান॥
কি হেতু ঈশ্বৰে মোক কপট কৰিলা।
তোমাক স্মৰন্তে মোৰ কাম উপজিলা॥
সি কাৰণে তপস্যাত স্থিৰ নহে মন।
অসময় কালে আসি ভৈলো উপসন॥
হেন জানি প্ৰাণেশ্বৰী নকৰি বিলম্ব।
দেহ আলিঙ্গন মোক নাহি উপালম্ভ॥
এহি মতে চলবাক্য বোলে খৰতৰ।
কম্পিলা শৰীৰ হাত পাৱ নহে স্থিৰ॥
হেন শুনি অহল্যা গুণন্ত মনে মন।
কি হেতু অযোগ্য বাণী বোলে তপোধন॥
নিবাৰিলে অৱশ্যে হইবে মহা কোপ।
নৈৰাশ দেখিলে ক্ৰোধে দিবে চণ্ড শাপ॥
কি মতে ঋষিৰ আজি স্থিৰ হৈবে মন।
লাজে অধোমুখে সতী বুলিলা বচন॥
“আপুনি জানাহা গুৰু! ধৰ্ম্মাধৰ্ম্ম যত।
শৃঙ্গাৰ কৰিলে পাপ হোৱে দিবসত॥
জানিবাহা তোমাৰেসে কিঙ্কৰী সদায়।
ইটোকথা প্ৰাণনাথ নোবোলা দুনাই॥"