পৃষ্ঠা:ভবিষ্যত কথা.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সন্ত চরিত্ৰ।

এহিমতে সবাহাঙ্কে উপদেশ দিব।
তাঙ্ক পাইয়া কলি লোকে মল বিনাশিব॥
কহিলোঁ ৰহস্য মহাৰাজ নিষ্ট কৰি।
এহি মতে সন্তক পালিব দেব হৰি॥
শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ।
আতোপৰে ধৰ্ম্ম আৰ নাহিকে কলিত॥
দেখা কেনে ভকত বৎসল দেব হৰি।
নিরূপম বৈকুণ্ঠক তাকো পৰিহৰি॥
ভকতৰ অৰ্থে পুনৰপি উপজিলা।
নিজ যশোগুণ পৃথিবীত প্ৰচাৰিলা॥
কৰ্ম্ম বন্ধ হীন হৈব লোকৰ প্ৰভাব।
অবশ্যে গুচিবে কাম ক্ৰোধ দম্ভ ভাব॥
অপ্ৰয়াসে পাইব সবে বৈকুণ্ঠ নিলয়।
মাধবৰ নাম গুণ কীৰ্ত্তন কৰয়॥
অন্ধকূপ বিষয়ৰ সুখক যে ত্যজি।
স্থিৰ কৰা মন বুদ্ধি মাধবক ভজি॥
কৃষ্ণৰ কিঙ্কৰে কহে এৰা আন কাম।
পাতেক ছাৰোক ডাকি বোলা ৰাম ৰাম॥