পৃষ্ঠা:ভবিষ্যত কথা.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সন্ত চৰিত্ৰ।

অসাৰ সংসাৰ,  তাৰণ কাৰণ,
 লোকৰ চিন্তিয়াহিত।
যেন পূৰ্ব্ব দিশে,  অন্ধকাৰ নাশি,
 প্ৰচণ্ড সূৰ্য্য উদিত॥
পাষণ্ড সবক,  বিনাশ কৰিয়া,
 সন্তক পালি যতনে।
কহে দ্বিজবৰে  আন গতি নাই
 তাহান দুই চৰণে॥

পদ।

জয় জয় দামোদৰ অগতিৰ গতি।
জয় জয় যাদৱ মাধৱ যদুপতি॥
তোমাৰ চৰণে কৰো কোটী নমস্কাৰ।
হৌক জয় কৃষ্ণ পদে প্ৰসাদে প্ৰচাৰ॥
নমো হৃদীশ্বৰ আত্মৰূপ ভগবান্।
চৰাচৰ জগতৰ গতি নাৰায়ণ॥
যাৰ কৃপালেশে মুখে বাক্য চয় ৰচে।
পেঙ্গুয়া জনেও ক্ৰমে পৰ্ব্বতত চৰে॥
পৃথিবী আকাশ সুৰা সুৰে হোৱে লীন।
যাৰ কটাক্ষতে পুনৰণি ভিন্ ভিন্​॥