পৃষ্ঠা:ভবিষ্যত কথা.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
সন্ত চৰিত্ৰ।

পাছে মৌনব্ৰত এৰিবহু বোধ কায়।
বিষ্ণুযশা ব্ৰাহ্মণৰ পুত্ৰ হৈব মই॥
হৈব কল্কি নাম মোৰ জগতে প্ৰধান।
ধৰিবহু হাতত তীখাল খাণ্ডা খান॥
শীঘ্ৰ বেগে গৈয়া নীল ঘোটকত চৰি।
মোক দেখি নাৰদ অন্তৰ হৈবা ডৰি॥
সিবেলা সংসাৰে ৰূপ দেখিয়া আমাৰ।
দুষ্ট ম্লেচ্ছ সবৰ চিন্তিব মহামাৰ॥
পাষণ্ড সবক ক্ৰোধ কৰি আশ বিষ।
খাণ্ডা ধৰি বিচাৰি কাটিব দশ দিশ॥
মধ্যে মধ্যে বাল্য বৃদ্ধ কটো ৰহিৱন্ত।
ঘোটকৰ শ্যাম বায়ু লাগিবে গাৱত॥
সেহি ঘ্ৰাণে গুছিবে পাষণ্ড বুদ্ধি যত।
হৈব স্থিৰ আয়ু বল বুদ্ধি শান্ত চিত্ত॥
যেবে ম্লেচ্ছ পাষণ্ড সব ভৈলা ক্ষয়।
কলি গুছি হৈব সত্য যুগৰ উদয়॥
শুনিও নৃপতি জন্ম কৰ্ম্ম ঈশ্বৰৰ।
নাৰদৰ আগত কহিলা দামোদৰ॥
প্ৰেমানন্দ ভৈলা মুনিবৰে মন চিত্ত।
শুনিলোহু তোমাত কহিলো আদি অন্ত॥