পৃষ্ঠা:ভবিষ্যত কথা.djvu/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
সন্ত চৰিত্ৰ ৷

নেদিব দ্বিজক দান দক্ষিণা অখণ্ডে।
শূদ্ৰে মহা দান লৈব মোহিব পাষণ্ডে॥
নুশুনিব কোন জনে দ্বিজৰ বচন।
দ্বিজগণে সেবিবন্ত শূদ্ৰৰ চৰণ॥
বেদ শাস্ত্ৰ নপঢ়ি হৈবন্ত মুঢ় মতি।
শৌচ সদাচাৰ এৰিবেক মন্দমতি॥
কেৱল থাকিব মাত্ৰ স্কন্ধত লগুণ।
নাহি তপ জপ শৌচ সদাচাৰ শূন্য॥
হৈব প্ৰজাগণ মহাদুষ্ট ঘট চোৰ।
নাহি ধৰ্ম্ম তথাপি হৈবেক কামাতুৰ॥
বেশ্যা সম হৈব নাৰী সমন্তে অসতী।
নিজ স্বামী ত্যজি ভজিবেক উপপতি॥
সাত আঠ বছৰৰ সুকোমল বালা।
এহি বয়সতে নাৰী হৈব ৰজঃস্বলা॥
একাদশ দ্বাদশ বৎসৰ অভ্যন্তৰে।
উপজাইবে পুত্ৰ নাৰীসব নিৰন্তৰে॥
নমানি জ্যেষ্ঠক কনিষ্ঠ সহোদৰে।
পিতৃক তনয়ে বুলিবেক খলু ওৰে॥
দাসে গৃহস্থক নমানিবে ঠেহ কৰি।
মহা গৰ্ব্বী কামাতুৰা হৈব কুল নাৰী॥