পৃষ্ঠা:ভবিষ্যত কথা.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৷৵৹

গাওঁতে হৈছিল। নলঞ্চা গাওঁ শঙ্কৰ দেৱ থকা বড়দোৱাৰ ওচৰতে আছিল। আৰু তেওঁ নলঞ্চাত থকা অৱস্থাতে

“সদায়ে কৰন্ত ভক্তি শ্ৰৱণ কীৰ্ত্তন।
দেখি পিতৃ মাতৃ দুয়ৰো আনন্দিত মন॥
আপুনি আচৰে ধৰ্ম্মলোকক শিকান্ত।
এহি মতে সনাতন ধৰ্ম্ম প্ৰবৰ্ত্তান্ত।”

তেওঁক ধৰ্ম্ম-প্ৰাণতা দেখি তেওঁৰ ঘৰলৈ অহা বিদেশী সন্ন্যাসী সকলেও তেওঁক অনেক প্ৰশংসা কৰিছিল।

“বিদেশী সন্ন্যাসীগণে,  প্ৰশংসন্ত সৰ্ব্বজনে,
ধন্য ধন্য সুশীল কুমাৰ।”

 পিতৃ মাতৃ বিয়োগৰ পাচত দামোদৰ দেৱে তেওঁৰ ভায়েক দুজনৰ সৈতে ভটিয়াই গৈ কামৰূপ ৰাজ্যৰ কোন এঠাইত অবস্থান কৰিলে। বোধ হয় সেই ঠাই “পাটবাউসী”ই হব পাৰে। তেওঁ তাতে দেৱ-গৃহ সাজি মানুহৰ মাজত বেদ আৰু পুৰাণৰ কথা কবলৈ ধৰিলে। তেওঁৰ ধৰ্ম্ম ব্যাখ্যা শুনিবৰ নিমিত্তে নানা ঠাইৰ পৰা মানুহ আহিব ধৰিলে। শঙ্কৰদেৱ আৰু হৰিগুৰুও মাজে মাজে তালৈ গৈছিল। আৰু তিনিও জনে অসম দেশত ধৰ্ম্ম প্ৰচাৰ সম্বন্ধে নানা আলোচনা কৰিছিল। এইদৰে তাত থাকোঁতেই এদিন হঠাৎ তেওঁৰ আগত দেৱৰ্ষি নাৰদ উপস্থিত হৈ তেওঁক জ্ঞান দান কৰিলে।—

“নাৰদে কহিলা যত,  পূৰ্ব্বাপৰ আদি অন্ত,
দামোদৰে আছিলেক শুনি।