এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
সন্ত ৰচিত্ৰ ৷
দৈত্যৰ ঈশ্বৰপুত্ৰ প্ৰহ্লাদৰ নাতি।
দেৱতাক খেদি কাঢ়ি লৈব অম্ৰাৱতী॥
নসহে শৰীৰে দেখি দেৱৰ বিলাই।
অদিতিৰ গৰ্ভে পাছে জনমিব মই॥
হৈবন্ত বামন ৰূপ জগত প্ৰখ্যাত।
কৰিব কশ্যপ পিতৃ জাত কৰ্ম্ম যত॥
যজ্ঞ সূত্ৰে দিব ঋষিগণে ৰঙ্গ কৰি।
দেখিবা নাৰদ মোক হৈব ব্ৰহ্মচাৰী॥
ঋষিগণ সমে চলি যাব যজ্ঞস্থান৷
মাগিব বলিত তিনি পদ ভূমি দান॥
তপবলে মন মোহ কৰিব ৰাজাৰ।
দিব বুলি বলি কৰিবেক অঙ্গীকাৰ॥
শুক্ৰে নিষেধিব তবু বাধাক নুশুনি।
উছাৰ্গয়া দিব বলি ভূমি পদ তিনি॥
পাছে এক পদে জুবিবহু ভূমি খণ্ড।
আন পদে সাত স্বৰ্গ জুৰিব ব্ৰহ্মাণ্ড॥
আৰ এক চবণ দিবৰ নাই ঠাই।
দেখি দৈত্যৰাজ হৈব অন্তৰিক্ষ প্ৰায়॥
সেহি ছিদ্ৰ পাই বান্ধ বান্ধিব বলিক।
স্বৰ্গক নিকালি পঠাব পাতালক॥