এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
সন্ত চৰিত্ৰ ৷
পূৰ্ব্বে তযু কটাক্ষতে সৃজিলা সংসাৰ।
কোনৰূপ হুয়া বিনাশিল পুনৰ্ব্বাৰ॥
পুনৰপি ত্ৰিজগত সৃজিল কিমতে।
কহা মোত সবিশেষ নমো দণ্ডৱতে॥
কোন কোন ৰূপ ধৰা কোন বা কাৰণে।
কি মতে তোমাক প্ৰভু পাইব দৰশনে॥
যদি অনুগ্ৰহ আছে প্ৰভু চক্ৰপাণী৷
কহিয়ো আমাত কৰ্ণ ভৰি থাকো শুনি॥
ঈশ্বব বদতি ঋষি শুনা মহাভাগ।
পৰম ৰহস্য কইবোহো তযু আগ॥
শুনিয়ো উত্তম জন্ম ৰহস্য আমাৰ।
যাক পৰি শুনি লোকে তৰিব সংসাৰ॥
প্ৰথমে হৈবহু মৎস্য ৰূপে অৱতাৰ।
প্ৰলয়ৰ হন্তে বেদ কৰিবো উদ্ধাৰ॥
কবিবে আমাত ভক্তি সত্যব্ৰত ৰায়।
দেখাবো মহিমা তাঙ্ক মায়া সমুদায়॥
কবিবহু চাৰিবেদ জগতে প্ৰচাৰ।
সেহি বেলা আমাক দেখিবা মুনিবৰ॥
অমৃতক আশে দেবে মথিব সাগৰ।
সি বেলা দেখিবা মোক কুৰ্ম্ম অবতাৰ॥