পৃষ্ঠা:ভবিষ্যত কথা.djvu/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
সন্ত চৰিত্ৰ৷

যিটো পক্ষী নিৰন্তৰে  আকাশে উড়াও কৰে
 তথাপি নেৰাই কালৰ হাত।
মৎস্য, কাছ, জলচৰ  গভীৰ জলত থাকে
 তযু পৰে কালৰ হাতত॥
স্থাবৰ জঙ্গম যত,  ব্ৰহ্মলোক পাতালত
 কালৰ হাতত ৰক্ষা নাই৷
ভয়ঙ্কৰ কলেবৰ  দীঘল দুখান কৰ
 বিদূৰত ধৰে লাগ পাই॥
কেশত ধৰিয়া আনি  বেগে লই যাই টানি
 বাসা দিবে ঘোৰ নৰকত।
আক যেবে আছে ভয়  শুনা সভাসদ চয়
 ঝাণ্টে ভজা হৰি চৰণত॥
হৰিক চিন্তিয়ো মনে  নেৰিবাহা ৰাত্ৰি দিনে
 তেবেসে সন্তুষ্ট হৈবে হৰি।
হৰিৰ প্ৰসাদে যেবে   মনোৰথ সিদ্ধি হবে,
 তেবে ঘোৰ ভব মায়া তৰি॥
যদি হিত শুনা বোল   বিষয়ে নহবা ভোল
 কহে দ্বিজ হৰিৰ চৰিত্ৰ।
এৰা মায়া মোহ কাম  ডাকি কোলা ৰাম ৰাম
 তেবে স্থান পাইবা বৈকুণ্ঠত॥