৷৹
হৰিগুৰু ৰূপে, ব্যাসদেৱ ভট্টদেৱ ৰূপে, শুকদেৱ সন্তদেৱ ৰূপে, দুৰ্ব্বাসা ভগবান দেৱ ৰূপে, আৰু নাৰদ অংশ লৈ বংশীদেৱ জন্ম গ্ৰহণ কৰিব। তেওঁ আৰু কলে যে,
“যিটো মহাজ্ঞানী লোক, তুমি আমি দুহান্তক,
দেখিৱন্ত এক কলেব।
আনো সন্ত সাধুজন, পশু পক্ষী পতঙ্গক,
ব্ৰহ্মময় দেখিব সংসাৰ॥
তোমাক আমাক যিটো, ভিন্নভাব কবি মানে,
শুনা কহো তোমাৰ আগত।
ঘোৰ আত্মঘাতী সিটো, তাৰ আৰু নাই মুক্তি,
সদায়ে থাকিব নৰকত॥”
তাৰ পাছত বিষ্ণুৱে আৰু কলে:-
পৌণ্ড্ৰক * নামত খ্যাত, গন্ধৰ্ব্ব লোকত আছে
শত্ৰু ভাৱে চিন্তিলা আমাক।
*পৌণ্ড্ৰকৰ বিষয়ে বিষ্ণুপুৰাণত এই দৰে লিখা আছে যে, কাশীপেশত সুদৰ্শন নামে এজন ৰজা আছিল আৰু পৌণ্ড্ৰক তেওঁৰ এজন পৰম বন্ধু আছিল। পৌণ্ড্ৰকে নিজকে ঈশ্বৰ বুলি প্ৰখ্যাত কৰি সকলোকে শৰণ কৰাইছিল। তেওঁৰ গৰ্ব্ব লাহে লাহে বাঢ়ি যাই এদিন মথুৰাৰ পৰা শ্ৰীকৃষ্ণক ধৰি আনিবলৈ দুজন দুত পঠাই কলে যে, বসুদেৱৰ পুতেকে মিছাকৈয়ে শ্ৰীকৃষ্ণ নামলৈ মানুহক ঠগ কৰিছে, আচল কৃষ্ণ মই হে। দুত গৈ শ্ৰীকৃষ্ণক এই কথা। অকল তেওঁ বলভদ্ৰক লগত লৈ একদল সৈন্যৰ সৈতে কাশী যাত্ৰা। কৰিলে, আৰু যুদ্ধত পৌণ্ড্ৰকক বধ কৰিলে। মৰিবৰ সময়ত তাৰ গৰ্ব্ব দূৰ হয় আৰু কৃষ্ণৰ হাতত মৰি গন্ধৰ্ব্ব হয় যাই।