পৃষ্ঠা:ভটিমা.pdf/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
ভটিমা।

জয় জয় পাপী পতিত জন পাবন
 ভাবন ওহি সংসাৰ।
জয় জয় ভব ভয় ভঞ্জন ৰঞ্জন
 তাৰক চৰিত্ৰ উদ্ধাৰ॥
জয় জয় মধু মূৰ নৰক নিবাৰণ
 কুবলয় ধেনুক নাশী।
জয় জয় গিৰি বৰ ধাৰণ কাৰণ
 তাৰণ গোকুল ৰাসী॥
জয় জয় কংস কেশীব বক অন্তক
 শন্তক তাৰণ হেতু।
জয় জয় পীতাম্বৰ ধৰ সুন্দৰ
 অভয় চৰণ ভব সেতু॥
জয় জয় পূতনী কান পাতন
 ঘাতন কালী নিকালী।
জয় জয় নন্দ নন্দন বিৰিন্দাবন চাৰী
 বহু বল শালী॥
জয় জয় ৰাম ৰমন সীতা পতি
 বালী বানৰ ঘালী।
জয় জয় ৰাবণ ৰাক্ষস দাৰণ
 শন্ত বিভীষণ পালী॥