পৃষ্ঠা:ভটিমা.pdf/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
ভটিমা।

জয় জয় যোহি ৰহুত নিজ ঠাম।
জয় জয় যাকেৰি গুণ অনুপাম॥
জয় জয় ভকত ৰেচন ৰাম।
জয় জয় ভকত পূৰণ কাম॥
জয় জয় যাকেৰি চৰিত উদাম।
জয় জয় তাৰক যাহেৰি নাম॥
জয় জয় নীল ইন্দিবৰ শ্যাম।
জয় জয় সঙ্গহি গোপ সুদাম॥
জয় জয় গৰুড়াসন বনমালী।
জয় জয় মৰ্দ্দন বিষধৰ কালী॥
জয় জয় দনুজ দলন বলশালী।
জয় জয় বৎস বকাসুৰ ঘালী॥
জয় জয় দুৰ্জ্জন দুষ্ট নিকালী।
জয় জয় সজ্জন জন প্ৰতিপালী॥
জয় জয় ভকতক মুকুতি নিদানি।
জয় জয় বৰদ বৰদ বৰ দানী॥
জয় জয় নন্দ তনয় বৰ বেশী।
জয় জয় মৰ্দ্দন দানব কেশী॥
জয় জয় নাশন বীৰ বৰ কংস।
জয় জয় পালন যদু বৰ বংশ॥