এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভটিমা।

ওহি ঈশ্বৰ তাৰক মাৰক
 কাৰক সব সংসাৰ।
তাহে কৰু সেৱ  দেৱ কেৱ নাহি
 নাহি নাহি হৰি বিনে আৰ।৷
যতয়ে পৰমা ধৰমা কৰমা
 সবকহু ৰাজা নাম।
কৃষ্ণক কিঙ্কৰ কিঙ্কৰ শঙ্কৰ
 কহে সব বোল ৰাম ৰাম॥

জয় জয় জগত-মহেশ্বৰ।
ব্ৰহ্মা শঙ্কৰ যাহে কিঙ্কৰ॥
জয় ভকত-ভয়হাৰী।
নমো হৰিচৰণ তোহাৰি॥
তুৱ৷ পাৱে অভয়ে সাধি।
মই পাপী অপৰাধী॥
দংশল দেৱ নজানি।
মৰষ দোষ পদ্ম-পাণি॥
ক্ৰুৰ সৰ্প অহঙ্কাৰী।
সৃজনা তোহাৰি।৷