পৃষ্ঠা:ভটিমা.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
ভটিমা।

জয় জয় কৃষ্ণ দেৱ নিজ অংশ।
লীলা নাশিত কংস সবংস॥
ষাকেৰি চৰিত্ৰ ভকত অবতংস।
কমলা কেলি কমল কলহংস॥
তনু ইন্দীবৰ শ্যামল ছোড়ি।
তথি পৰকাশিত পীত পছোৰি॥
তড়িত জড়িত যৈচে নব ঘন খণ্ড।
মকৰ কুণ্ডল মণ্ডিত গণ্ড॥
কনক কিৰাটি ৰতন অব ভাস।
কুঞ্চিত চারু চিকুৰ পৰকাশ॥
ৰুচিকৰ কৰ্ণ ভূবন মন তুল।
নাসা নীল ৰতন তিল ফুল॥
নয়ন কমল মুখ পঙ্কজ যোড়।
এক মিলল যচ চান্দ চকোৰ॥
মাণিক দশন হাস তথি থোৰ।
আৰকত অধৰ বন্ধুলি রুচি ছোড়॥
কচিৰ চিবুক পেখি হৰু তাপ।
ভ্ৰূব যুগ গঞ্জি মদন কেৰি চাপ॥
কুটিল অলক কুল তিলক কপোল।
হৃদয় হেমক হাৰ অমোল॥