পৃষ্ঠা:ভটিমা.pdf/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ভটিমা।

নৰসিংহ ৰূপ প্ৰকটি আটোপে
 হিৰণ্যকশিপু দাৰিলে।
বামন মূৰুতি বলিক ছলি
 কহুঁ ইন্দ্ৰ যোহি তাৰিলে॥
পৰশুৰাম নামে অৱতৰি
 ক্ষত্ৰিয় কয় নিৰযাণ।
সোহি হৰি তেৰি কৰত নিত
 মুকুতি মঙ্গল বিধান॥
দাশৰথি ৰাম ৰূপ ধৰিকহুঁ
 জলধি বান্ধল সেতু।
সীতা উদ্ধাৰল বধল বৈৰী
 এ দশস্কন্ধ ধূমকেতু॥
ৰাম হলধৰ  রূপে ধেনুক
 দ্বিবিদ লেলহ প্ৰাণ।
সোহি হৰি তেৰি কৰত নিত
 মুকুতি মঙ্গল বিধান।৷
বৌধ মূৰুতি জগত মোহিয়ে
 কয়ল পাষণ্ড ৰীত।
ধৰম দূৰ গেল ভেল মলমতি
 লোক সকল কলিত॥