এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভটিমা


শ্ৰীকৃষ্ণায় নমঃ।


জয় গুরু শঙ্কৰ সৰ্ব্ব গুণাকৰ
 যাকেৰি নাহি উপাম।
তোহাৰি চৰণক ৰেণু শত কোটি
 বাৰেক কৰোহোঁ প্ৰণাম॥
দৰশিত সুন্দৰ গৌৰ কলেৱৰ
 যৈসন সুৰ পৰকাশ।
সকল সভাসদ ৰঞ্জন যাকেৰি
 দৰশনে পাপ বিনাশ॥
বিনে অঙ্গ ভূষণ পেখি সুশোভন
 গহন গম্ভীৰ ধীৰ মতি।
আয়ত কমল নয়ন বৰ সুন্দৰ
 ন চাঁদকহো জ্যোতি॥