নিৰ্গ্ৰন্থ (জৈনসাধু) সকলেও কৰিছিল। আজি-কালিও তেওঁলোকৰ মাজত চুলি উঘালি পেলোৱা, উপবাস কৰা আদিৰ প্ৰথা চলি আহিছে।
মল-মূত্ৰ খোৱাৰ প্ৰথা—আজিকালি অঘোৰী আদি পন্থৰ লোকৰ মাজত নিজৰ মল-মূত্ৰ খোৱাৰ প্ৰথা দেখা যায়। কাশীত তেলঙ্গ স্বামী নামৰ এজনা প্ৰসিদ্ধ সন্ন্যাসী আছিল। তেওঁ উলঙ্গ হৈ আছিল। তেওঁৰ নিচিনাকৈ নঙঠা হৈ ঘূৰি-ফুৰা ভালেমান পৰমহংসকে কাশীত দেখিবলৈ পোৱা গৈছিল। সেই সময়ত তাত এজন গড্ ৱিন নামৰ বৰ জনপ্ৰিয় কলেক্টৰ আছিল (তেওঁক কাশীৰ মানুহে গোৱিন্দ চাহাব বুলিছিল)। তেওঁ বিশেষ সহানুভূতিৰ সৈতে হিন্দুসকলৰ ৰীতি-নীতি সম্বন্ধে অধ্যয়ন কৰিছিল আৰু নঙঠা সাধুসকলে যাতে কৌপিন পিন্ধি ফুৰে তাৰ উপায় হিচাপে তেওঁ তলত দিয়া বুধিটো বাহিৰ কৰিছিল।
ৰাস্তাত কোনো নঙঠা সাধু পালেই পুলিচে তেওঁক চাহাবৰ ওচৰলৈ লৈ গৈছিল। তেতিয়া চাহাবে সাধুজনক সুধিব, “তুমি জানো পৰমহংস?” সাধুজনে ’হয়’ বুলি কলে চাহাবে সাধুজনক নিজৰ খানা খাবলৈ কব। কিন্তু নঙঠা সাধুৱে চাহাবৰ খানা খাব কিয়? তেতিয়া গোৱিন্দ চাহাবে কব, “শাস্ত্ৰত কোৱা হৈছে যে পৰমহংসই কোনো প্ৰকাৰৰ ভেদ-ভাৱ নামানে। কিন্তু তোমাৰ মনত দেখিছোঁ ভেদ-ভাৱ আছে। গতিকে তুমি নঙঠা হৈ ঘূৰা উচিত নহয়।” এইদৰে তেওঁ ভালেমান নঙঠা সাধুকে লেঙুটী পিন্ধিবলৈ বাধ্য কৰাইছিল।
এবাৰ তেলঙ্গ স্বামীকো পুলিচে ধৰি চাহাবৰ ওচৰলৈ লৈ গল। স্বামীজীক পুলিচে কলেক্টৰ চাহাবৰ বঙলালৈ ধৰি নিয়াৰ বাতৰি ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে তেওঁৰ শিষ্য প্ৰশিষ্য আৰু তেওঁক শ্ৰদ্ধা কৰা ডাঙৰ ডাঙৰ পণ্ডিত আৰু গণ্যমান্য লোক চাহাবৰ বঙলাত উপস্থিত হলগৈ। চাহাবে আটাইকে বহিবলৈ দি স্বামীজীক প্ৰশ্ন কৰিলে, আপুনি
-