পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ধাৰ্ম্মিক পৰিস্থিতি
৬১
 


হৈ পৰিছিল। মোৰ মেৰুদণ্ড যঁতৰৰ মালৰ নিচিনা দেখিবলৈ হৈছিল। ভগা ঘৰৰ কামিবোৰ তলওপৰ হৈ যোৱাৰ নিচিনাকৈ মোৰ কামিহাড়বোৰ তলওপৰ হৈ গৈহিল। মোৰ চকুদুটা অতি শ দ কুৱাত পৰা নক্ষত্ৰৰ প্ৰতিবিম্বৰ নিচিনাকৈ বহি গৈছিল। কেঁচা তিতা লাও কাটি ৰদত দিলে যিদৰে শুকাই যায়, তেনেকৈয়ে মোৰ মুৰৰ ছালো শুকাই গৈছিল। মোৰ পেটত হাত ফুৰালে মই ৰাজহাড় চুব পাৰিছিলোঁ। আৰু ৰাজহাড়ত হাত দিলে পেটৰ ছাল মিলি গৈছিল। মই শৌচ বা পেচাব কৰিবলৈ বহাৰ কাৰণে চেষ্টা কৰিলে তাতেই পৰি গৈছিলোঁ। গাত হাত দিলেই মোৰ দুৰ্ব্বল চুলিবোৰ সৰি পৰিছিল। এনেভাৱে উপবাস কৰা হেতুকে মোৰ এই অৱস্থা হৈ পৰিছিল।

 কোনো শ্ৰমণে আৰু ব্ৰাহ্মণে মগু খাই, তিল খাই অথবা চাউল খাই থাকে। তেওঁলোকে ভাৱে যে এইবোৰ পদাৰ্থৰ দ্বাৰা আত্ম-শুদ্ধি হয়। হে সাৰিপুত্ত, মই একেটা তিল, একেটা মাথোন চাউল বা একেটা মাত্ৰ মগুমাহ খাই আছিলোঁ। হে সাৰিপুত্ত, তুমি ধৰি নলবা যে তেতিয়াৰ দিনত এই দানবোৰ বৰ ডাঙৰ আছিল। এতিয়া এইবোৰৰ দানা যেনে তেতিয়াও তেনেকুৱাই আছিল। এনেভাৱে উপবাস কৰোঁতে মোৰ অৱস্থা ( অৰ্থাৎ আগেয়ে উল্লেখ কৰি অহাৰ নিচিনা) এনেকুৱা হৈ পৰিছিল।

 বুদ্ধঘোষাচাৰ্য্যৰ মতে কোনো এটা পুৰ্ব্বজন্মতহে ভগৱান বুদ্ধই হেনো এনেধৰণৰ তপশ্চৰ্য্যা কৰিছিল। তেতিয়াৰ দিনৰ বগৰি আদিও আজি- কালিৰ নিচিনাই আছিল বুলি উল্লেখ কৰা হেতুকে বুদ্ধঘোষাচাৰ্য্যৰ কথা যুক্তিযুক্ত যেন লাগে। কিন্তু এইটো কোৱাৰ আৱশ্যক নাই যে বুদ্ধৰ সময়ৰ প্ৰচলিত বিভিন্ন তপশ্চৰ্য্যাৰ নিৰৰ্থকতা দেখুৱাই দিবলৈকে সুত্ত-ৰচোঁতাই ওপৰত উল্লেখ কৰা কথাবোৰ বুদ্ধৰ মুখেৰে কোৱাইছে।

 টিপ্পনীত দিয়া অন্তৰৰ বাহিৰেও ‘নি’ বিভাগত দিয়া তপশ্চৰ্য্যা