পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ভগৱান বুদ্ধ
 


 বিকট ভোজন—“যি ঠাইত গৰু গাই বন্ধ হৈছিল, বা যি ঠাইৰ পৰা গৰু চৰিবলৈ গৈছিল, মই তালৈ হাত আৰু ভৰিৰ ওপৰত ভিৰ দি আঠুকাঢ়ি গৈছিলোঁ আৰু দামুৰীৰ গোবৰ খাইছিলোঁ। মোৰ মল-মূত্ৰ বন্ধ নোহোৱালৈকে মই ইয়াৰেই জীৱন নিৰ্ব্বাহ কৰিছিলোঁ। এনে ধৰণৰ আছিল মোৰ বিকট ভোজন।

 উপেক্ষা—(নি) “মই কোনো ভয়ানক অৰণ্যত বাস কৰিছিলোঁ। তেনে অৰণ্যত সোমালেই যি কোনো সংসাৰিক প্ৰাণীৰ নোম ভয়ত শিয়ৰি উঠিব; সেই অৰণ্য এনে ভয়ানক আছিল। জাৰৰ দিনত ভয়ানক ধৰণৰ হিম-পাত হলে মই মুকলি ঠাইত থাকিছিলোঁ আৰু দিনৰ সময়ত হাবিত সোমাই পৰিছিলোঁ। জহকালিৰ শেহৰ মাহত দিনৰ সময়ত মই মুকলি ঠাইত থাকিছিলোঁ আৰু নিশা হাবিলৈ গুচি গৈছিলোঁ। মই শ্মশানত মানুহৰ হাড় গাৰু কৰি শুইছিলোঁ। কোনো মুৰ্খ লোক আহি মোৰ ওপৰত থুই পেলালে, পেচাব কৰিলে, ধুলি দিলে বা মোৰ কাণত ঘাঁহ আদি ভৰাই দিলেও তেনে লোকৰ প্ৰতি কেতিয়াও মোৰ কোনো পাপ বুদ্ধি উৎপন্ন নহৈছিল।


 আহাৰ ব্ৰত—(ই) কোনো কোনো শ্ৰমণ আৰু ব্ৰাহ্মণৰ ধাৰণা হল যে আহাৰৰ পৰা আত্ম-শুদ্ধি হয়। তেওঁলোকে অকল বগৰি খায়েই থাকে, বগৰিৰ গুৰি খায়, বগৰি সিজাই পানী খায় বা বগৰিৰ পৰা আন কিবা বস্তু প্ৰস্তুত কৰি আহাৰ কৰে। হে সাৰিপুত্ত, তুমি নাভাবিবা যে তেতিয়াৰ দিনত বগৰি আজি-কালিতকৈ বেচি ডাঙৰ আছিল। এতিয়া একোটা বগৰিৰ আকাৰ যেনে, তেতিয়াও তেনে ধৰণৰে আছিল। গতিকে অকল একেটা বগৰি খাই মোৰ শৰীৰ তেনেই শুকাই খীণাই গৈছিল। আসীতকৱল্লী বা কালৱলীৰ গাঁথিৰ নিচিনা মোৰ শৰীৰৰ গাঁথিবোৰ স্পষ্টভাৱে দেখা গৈছিল। মোৰ কটিবন্ধ উটৰ ভৰিৰ নিচিনা