পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
ভগৱান বুদ্ধ
 

মাতঙ্গ উভতি গল আৰু দৃষ্ট মঙ্গলিকাক কলে, ‘তুমি এই বুলি ঘোষণা কৰি দিয়া যে মোৰ পতি মাতঙ্গ নহয়, মহাব্ৰহ্মাহে আৰু তেওঁ পূৰ্ণিমাৰ দিনা চন্দ্ৰমণ্ডলৰ তলত দেখা দিব।’ সেইমতে দৃষ্ট মঙ্গলিকাই ঘোষণা কৰি দিলে। পূৰ্ণিমাৰ দিনা নিশা চণ্ডাল গাৱৰ দৃষ্ট মঙ্গলিকাৰ ঘৰৰ সমুখত বিৰাট জনতা গোট খালে। তেতিয়া মাতঙ্গ ঋষি চন্দ্ৰমণ্ডলৰ তলৰ পৰা নামি আহিল আৰু নিজৰ পঁজাত সোমাই আঙুলিৰে দৃষ্ট মঙ্গলিকাৰ নাভি স্পৰ্শ কৰিলে।

 ইফালে গোটখোৱা ব্ৰহ্মাভক্তসকলে এই অদ্ভুত ঘটনা দেখা পালে আৰু তেওঁলোকে দৃষ্ট মঙ্গলিকাক কান্ধত তুলি বাৰাণসী নগৰীলৈ লৈ গল। তেওঁলোকে নগৰীৰ মাজত এখন মণ্ডপ সজাই তাতে দৃষ্ট মঙ্গলিকাৰ পূজা আৰম্ভ কৰি দিলে। ন মাহৰ পিচত সেই মণ্ডপতে দৃষ্ট মঙ্গলিকাৰ এটি লৰা হল। মণ্ডপত জন্ম হেতুকে লৰাটিৰ নাম ৰখা হল মাণ্ডৱ্য। মানুহে মণ্ডপৰ ওচৰতে এটা বিৰাট প্ৰাসাদ সাজিলে আৰু তাতে মঙ্গলিকা আৰু তেওঁৰ পুতেকক থাকিবলৈ দিলে। ইফালে তেওঁৰ পুজা চলি থাকিল।

 লৰাকালতে মাণ্ডৱ্য কুমাৰক পঢ়াবলৈ নিজ ইচ্ছাৰে ডাঙৰ ডাঙৰ, বৈদিক পণ্ডিত সকল আহিল। তেওঁ তিনিও বেদতে পাৰঙ্গত হৈ উঠিল আৰু ব্ৰাহ্মণ সকলক যথেষ্ট সাহায্য কৰিবলৈ ধৰিলে। এদিন মাতঙ্গ ঋষি তেওঁৰ দুৱাৰত উপস্থিত হৈ ভিক্ষা মাগিলত তেওঁ কলে, ‘ফটা চিতা কাপোৰ পিন্ধি পিশাচৰ নিচিনাকৈ ইয়াতে থিয় হৈ থকা তই কোন অ?’

 মাতঙ্গই কলে, ‘তোমাৰ ইয়াত অনু-পান যথেষ্ট আছে। মোৰ কাৰণে হয়তো অলপ অচৰপ এৰা পৰলীয়াকে মিলিব পাৰে বুলি মই ইয়াতে থিয় হৈ আছোঁ।’

 মাণ্ডৱ্যই কলে, কিন্তু সেই অন্নতো ব্ৰাহ্মণৰ কাৰণেহে, তোৰ নিচিনা নীচক দিবলৈ নহয়।’