কোনো জাতিৰ লোক তপস্বী হলেই সমগ্ৰ সমাজে তেওঁক সম্মান কৰিছিল। পটন্তৰ স্বৰূপে আমি জাতকত উল্লিখিত মাতঙ্গ ঋষিৰ কাহিনী ইয়াতে চমুকৈ বৰ্ণনা কৰোঁহক—
বাৰাণসীৰ বাহিৰৰ এটা চাণ্ডাল-কুলত মাতঙ্গ ঋবিৰ জন্ম হৈছিল। তেওঁ ডাঙৰ হলত এদিনাখন ৰাস্তাৰে বাৰাণসীৰ শ্ৰেষ্ঠীৰ দৃষ্ট মজলিকা নামৰ তৰুণী কন্যাজনীক আহি থকা দেখিবলৈ পালে। তেতিয়া মাতঙ্গই এপিনে গৈ থিয় দিলে। দৃষ্ট মঙ্গলিকাই নিজৰ লগৰ চাকৰক সুধিলে যে আলিৰ এপিনে থিয় হৈ থকা মানুহজন কোন? তেতিয়া চাকৰে মানুহজন চাণ্ডাল বুলি কোৱাত, তেওঁ তেওঁক অপশকুন বুলি ভাবি তাৰ পৰাই উভতি গল।
দৃষ্ট মঙ্গলিকাই মাহেকত এবাৰ বা দুবাৰ উদ্যানলৈ গৈ নিজৰ লগত যোৱা, আৰু তালৈ অহা মানুহবোৰৰ মাজত পইচা বিলাই দিছিল। সেইদিনা তেওঁ উভতি যোৱাত তেনেভাৱে গোটখোৱা মানুহবোৰ বৰ নিৰাশ হল আৰু তেওঁলোকে মাতঙ্গক বৰ বেয়া ৰকমে মাৰধৰ কৰিলে আৰু তেওঁক অচেতন অৱস্থাতে ৰাস্তাত পেলাই থলে। কিছু সময়ৰ পিচত মাতঙ্গ চেতনা আহিল আৰু তেওঁ গৈ দৃষ্ট মঙ্গলিকাৰ বাপেকৰ দুৱাৰৰ খটখটীত পৰি থাকিল। তেতিয়া তেওঁক সোধা হল, “তুমি কিয় নিজকে এনে যন্ত্ৰণা দিছা। তেওঁ উত্তৰত জনালে, ‘দৃষ্ট মজলিকাক লগত নিনিয়াকৈ মই ইয়াৰ পৰা আঁতৰি নাযাওঁ। তেওঁ সাত দিন তেনেভাৱে পৰি থাকিল, অৱশেষত নিৰুপায় হৈ শ্ৰেষ্টীয়ে নিজৰ জীয়েকক তেওঁৰ হাতত সোধাই দিলে। তেওঁক লৈ মাতঙ্গ চাণ্ডাল গাৱঁলৈ গল।
দৃষ্ট মঙ্গলিকাই মাতঙ্গৰ লগত পত্নী হিচাপে আচৰণ কৰিবলৈ সাজু আছিল, কিন্তু মাতঙ্গই তেওঁৰ লগত পতিৰ নিচিনা ব্যৱহাৰ নকৰি অৰণ্যলৈ গল আৰু ঘোৰ তপস্যা আৰম্ভ কৰি দিলে। সাত দিনৰ পিচত
(৩)^ মাতঙ্গজাতক, সং ৪১৭।