৩
সমসাময়িক ধাৰ্ম্মিক পৰিস্থিতি
ভ্রামক বিচাৰ
আজিকালি ভালেমান পণ্ডিতেই ধাৰণা কৰা দেখা যায় যে প্রথমতে ব্রাহ্মণসকল সম্পূর্ণভাৱে বেদৰ ওপৰত নিৰ্ভৰ কৰি চলিছিল, তাৰ পিচত তেওঁলােকে যাগ-যজ্ঞৰ ওপৰত বিশেষ গুৰুত্ব আৰােপ কৰে; তাৰ পৰাই উপনিষদৰ দৰ্শনৰ বিকাশ হয় আৰু পিচত বুদ্ধই শেষ দৰ্শনৰ সংস্কাৰ কৰি নিজৰ সম্প্ৰদায়ৰ প্ৰতিষ্ঠা কৰে। এই বিচাৰ-ধাৰা অতিশয় ভ্রমাত্মক। ইয়াক বর্জ্জন নকৰিলে বুদ্ধ-চৰিত্ৰ সম্বন্ধে সম্যক উপলব্ধি কৰিব পৰা নাযাব। সেই হেতুকে এই অধ্যায়ত বুদ্ধৰ সময়ত ধার্ম্মিক পৰিস্থিতি কেনে আছিল, তাক চমুকৈ বর্ণনা কৰাটো উচিত হব।
যজ্ঞ-সংস্কৃতিৰ প্রবাহ—প্রথম অধ্যায়ত কৈ অহা হৈছে যে আৰ্য্য আৰু দাসসকলৰ সংঘৰ্ষৰ ফলত সপ্তসিন্ধু অঞ্চলত যাগ-যজ্ঞৰ সংস্কৃতিৰ উদ্ভৱ হৈছিল আৰু পৰীক্ষিত আৰু জনমেজয়ৰ শাসনকালত কুৰুদেশত এই বৈদিক সংস্কৃতিয়ে নিজৰ আসন নিগাজী কৰি লৈছিল। কিন্তু কুৰুসকলৰ পুবপিনৰ অঞ্চলবােৰত এই সংস্কৃতিৰ প্রবাহ বেগেৰে বব পৰা নাছিল। এই প্রবাহৰ গতি কুৰুদেশতে কুণ্ঠিত হৈ পৰিছিল। ইয়াৰ মুখ্য কাৰণ হল—কুৰুদেশৰ পূবপিনৰ অঞ্চলবােৰত ঋষি-মুনি সকলৰ অহিংসা আৰু তপশ্চৰ্য্যাক গুৰুত্ব দিয়া লােকৰ সংখ্যা অধিক আছিল।
তপস্বী ঋষি-মুনি
‘জাতক অট্ঠকথা’ত তপস্বী ঋষি-মুনিসকলৰ বিষয়ে ভালেমান কাহিনী পােৱা যায়। তাৰপৰা অনুমান হয় যে এওঁলােকে বনলৈ গৈ