পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৮]

 সকলো প্ৰকাৰে অসহায় সত্ত্বেও নানা দুখ-কষ্ট সহন কৰি যুৱক ধৰ্ম্মানন্দ সাত উপস্থিত হলগৈ। তাতে দীক্ষা লৈ মহাস্থৱিৰ মঙ্গলাচাৰ্য্যৰ ওচৰত থাকি পালি গ্ৰন্থৰ গভীৰ অধ্যয়ন কৰিলে। তাৰ পিচত মান দেশলৈ গৈ তাত ধ্যান মাৰ্গৰ অধ্যয়ন কৰি ভাৰতলৈ উভতি আহিল। ধৰ্ম্ম-জিজ্ঞাসাৰ প্ৰেৰণাৰে তেওঁ যিদৰে দেশ দেশান্তৰত দীঘলীয়া যাত্ৰা কৰিছিল তাৰ ইতিহাস ৰোমাঞ্চকাৰী।

 সনাতন ধৰ্ম্ম আৰু বৌদ্ধ ধৰ্ম্মৰ মাজত এটা ডাঙৰ পাৰ্থক্য হল– সনাতন ধৰ্ম্মত ব্ৰহ্মচৰ্য্য, গৃহস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস আশ্ৰমৰ পৰ্য্যায় একাদিক্ৰমে ৰখা হৈছে। এক আশ্ৰমৰ পৰা আগ বাঢ়ি দ্বিতীয় আশ্ৰমলৈ যাব পৰা যায়। কিন্তু উভতি অহাৰ কাৰণে হলে অনুমতি নাই। সেই কাৰণেই গুৰুৱে সম্ভৱ হলে সহজতে সন্ন্যাসৰ দীক্ষা নিদিয়ে।

 বৌদ্ধ ধৰ্ম্মৰ দৃষ্টিকোণ হলে বেলেগ। বৌদ্ধধৰ্ম্মত লৰা বুজন হৈ উঠিলেই সৰ্ব্বশ্ৰেষ্ঠ ভিক্ষুধৰ্ম্মৰ দীক্ষা দিয়াটো মাক-বাপেকে নিজৰ কৰ্ত্তব্য বুলি বিবেচনা কৰে। পিচত পুতেকে যদি অনুভৱ কৰে যে তেনে উচ্চ বস্তু তেওঁৰ পক্ষে অনুকুল নহয় তেন্তে তেওঁ নিজ ইচ্ছামতে তললৈ নামি আহিব পাৰে। বৌদ্ধধৰ্ম্মৰ ৰীতি মতে ভিক্ষু-ব্ৰত গ্ৰহণ কৰাৰ পিচত কাৰো গৃহস্থাশ্ৰমত প্ৰৱেশ কৰিবলৈ ইচ্ছা হলে তেনে লোকে নিজ গুৰুৰ অনুজ্ঞা লৈ তাক কৰিব পাৰে। ধৰ্ম্মানন্দজীয়েও তাকেই কৰিছিল।

 ভাৰতলৈ উভতি অহাৰ পিচত ধৰ্ম্মানন্দজীয়ে বৌদ্ধধৰ্ম সম্বন্ধে নিজে লাভ কৰা জ্ঞান ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ উদ্দ্যেশ্যে কলিকতা বিশ্ববিদ্যালয়ত যোগদান কৰে। তাত কিছুদিন কাম কৰাৰ পিচত তেওঁ মহাৰাষ্ট্ৰলৈ গৈ বড়োদা-নৰেশ শ্ৰীসয়াজীৰাৱ গায়কোয়াড়ৰ লগত সাক্ষাৎ কৰে। তেওঁ ধৰ্ম্মানন্দজীৰ বাবে থকা-মেলাৰ নিশ্চিন্ত ব্যৱস্থা কৰি দি নিজৰ অভিৰুচিমতে যি কোনো কাম কৰাৰ কাৰণে দিহা কৰি দিয়ে।