সকলৰ নাম একেবাৰে উল্লেখ নথকাৰ কাৰণ বাৰু কি হব পাৰে? ইয়াৰ
উত্তৰ হিচাপে ইয়াকে কব লাগিব যে এই সূচী যুগুত কৰাৰ আগতে
শাক্য সকলৰ স্বতন্ত্ৰতা লোপ পাইছিল আৰু সেই দেশক কোসল ৰাজ্যৰ
লগত চামিল কৰা হৈছিল। গতিকে এই তালিকাত শাক্য ৰাজ্যৰ
উল্লেখ পোৱা নাযায়।
বোধিসত্বই গৃহত্যাগ কৰি ৰাজগৃহলৈ যাওঁতে বিম্বিসাৰে তেওঁৰ লগত সাক্ষাৎ কৰি সুধিছিল, ‘তুমিনো কোন? তেতিয়া বুদ্ধই কৈছিল :
উজুং জানপদো ৰাজা হিমৱন্তস্স পস্সতো।
ধনৱিৰিয়েন সম্পন্নো কোসলেসু নিকেতিনো॥
আদিচ্চা নাম গোত্তেন, সাকিয়া নাম জাতিয়া।
তম্হা কুলা পব্বজিতোহ্ মি ৰাজ ন কামে অভিপথয়ং॥[১]
অৰ্থাৎ হে ৰজা, ইয়াৰ পোনে পোনে হিমালয়ৰ নামনিত কোসল দেশৰ অন্তৰ্গত এখন জানপদ আছে। তাৰ গোত্ৰ হল আদিত্য আৰু জাতি হল শাক্য। হে ৰজা, সেই কুলৰ পৰা কামোপভোগৰ ইচ্ছা। পৰিহাৰ কৰি মই পৰিব্ৰাজক হৈছোঁ।
এই গাথাৰকোসলেসু নিকেতিনো’ কথাফাকি গুৰুত্বপূৰ্ণ। কোসল দেশত যাৰ ঘৰৰ অৰ্থ হল ‘যি কোশল দেশৰ অন্তৰ্ভুক্ত বুলি ধৰা হয়। ইয়াৰ পৰা সহজতে বুজিব পৰা যায় যে তাৰ ভালেমান দিনৰ আগতে শাক্য সকলৰ স্বতন্ত্ৰতা লোপ পাইছিল।
শাক্যসকলে কোসল ৰজাক কৰ দিছিল আৰু নিজৰ আভ্যন্তৰীণ বিষয়বোৰ নিজেই পৰিচালনা কৰিছিল। মহানাম নামৰ দাসীৰ ছোৱালীৰ লগত পসেনদিৰ বিয়া হোৱাৰ কথা আগতে উল্লেখ কৰি অহা হৈছে। সেই বিষয়ে অধ্যাপক ৰীচ ডেৱিড্চে সন্দেহ কৰে তেওঁ বোধ হয় ইয়াকে কবলৈ বিচাৰে যে যদিহে শাক্যসকলে কোসল
১। ^ সুত্তনিপাত, পব্বজ্জাত সুত্ত।