আৰু পদাতি সেনাৰে এই ৰজাজন অতি সমৃদ্ধ। তেওঁৰ সোণ, মুক্তা আৰু ৰত্ন ভৰি আছে। তেওঁৰ পৰাক্ৰমত সামন্ত ৰজাহঁতৰ সেনা সকল কঁপি থাকে। তেওঁ সহৃদয় আৰু ধৰ্ম্মবৎসল। গতিকে এই কুলেই বোধিসত্বৰ কাৰণে উপযুক্ত। তেতিয়া আন এজনে কলে, ‘এই ৰজাজন যে তেনেকুৱা, সেইটো সঁচা। কিন্তু তেওঁৰ লৰা-ছোৱালী অসংখ্য আৰু এতিয়া তেওঁ অতি বুঢ়া কাৰণে পুত্ৰ উৎপাদন কৰিবলৈ অসমৰ্থ। গতিকে এই কুলো বোধিসত্বৰ বাবে অনুপযুক্ত হব।
‘এইদৰে সেই দেৱপুত্ৰসকলে জম্বুদ্বীপৰ ষোলখন ৰাজ্যৰ (ষোড়শ জানপদেষু) সৰু বৰ সকলো ৰাজকুলৰে পৰীক্ষা কৰি চালে, কিন্তু আটাইকে দোষপূৰ্ণ পোৱা গল।
কেৱল আঠোটা কুলৰহে বৰ্ণনা। ষোলখন জানপদৰ মাথোন আঠোটা কুলৰহে ইয়াত বৰ্ণনা কৰা হৈছে। ইয়াৰে সুমিত্ৰা কুল বোধহয় পিচত লোপ পাই ৱজ্জী ৰাজ্যৰ বিদেহ সকলৰ লগত চামিল হৈছিল। বাকী সাতখন ৰাজ্যৰ ভিতৰত পাণ্ডৱ বংশৰ কোন ৰজাই ৰাজত্ব কৰিছিল তাকে স্পষ্টভাৱে কোৱা হোৱা নাই আৰু আন আন বৌদ্ধ গ্ৰন্থৰ পৰাও সেই সম্বন্ধে একো জনা নাযায়। বঠ্ঠপাল’ সুত্তত এই বুলি উল্লেখ কৰা হৈছে যে কুৰু দেশত কৌৰৱ নামৰ ৰজাই ৰাজত্ব কৰিছিল। কিন্তু এই কৌৰৱ যে পাণ্ডৱ-কুলৰ আছিল সেই সম্বন্ধে হলে কোনো প্ৰমাণ পোৱা নাযায়। ইয়াত আন দুটা কুলৰ যি বিৱৰণ দিয়া হৈছে, ত্ৰিপিটক গ্ৰন্থত সেই সম্বন্ধে দিয়া বৰ্ণনাৰ লগত প্ৰায় অধিক খিনিৰ সাদৃশ্য আছে।
শাক্য কুল-বৌদ্ধ গ্ৰন্থবোৰত শাক্য কুলৰ বৰ্ণনা বিতংভাৱে কৰা
হৈছে। কিন্তু আগেয়ে উল্লেখ কৰি অহা ষোলখন জানপদত শাক্য
(১)^ মূল উদ্ধৃতিৰ চমু ৰূপান্তৰ।