পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
ভগৱান বুদ্ধ
 

অৰ্থাৎ ‘কীট, পতঙ্গ, সাপ, ভেকুলি, কেচু আৰু মাখি মাৰিলে মানুহ শুদ্ধ হয়—এনে ধৰণৰ অনাৰ্য আৰু অতথ্য ধৰ্ম্ম কাম্বোজৰ বহুজনে মানি চলে।'
 ইয়াৰ পৰা অনুমান হয় যে বৰ্ত্তমান সীমা প্ৰদেশৰ অধিবাসী সকলৰ নিচিনাকৈয়ে কাম্বোজৰ মানুহো পিচপৰা আছিল।
 ‘মনোৰথপুৰণী অট্‌ঠকথাত’ মহাকপ্পিনৰ কাহিনী পোৱা যায়। এই মহাকপ্পিনে সীমা প্ৰদেশৰ কুক্কুটৱতী নামৰ ৰাজধানীত ৰাজত্ব কৰিছিল আৰু পিচত বুদ্ধৰ মহিমাৰ কথা শুনি মধ্যপ্ৰদেশলৈ আহিছিল। চন্দ্ৰভাগা নৈৰ পাৰত তেওঁৰ বুদ্ধ ভগৱানৰ লগত দৰ্শন হৈছিল। তাতে ভগৱানে কপ্পিন আৰু তেওঁৰ অমাত্য সকলক ভিক্ষু-সংঘত গ্ৰহণ কৰে•••আদি।[১২]

 মহাকপ্পিন ৰজা আছিল আৰু তেওঁ কুক্কুটৱতীত ৰাজত্ব কৰিছিল। ইয়াৰ প্ৰমাণ ‘সংযুত্তনিকায়’ৰ অট্‌ঠকথাতো পোৱা যায়। কিন্তু তাৰ পৰা হলে এইটো জানিব পৰা নাযায় যে এই কুক্কুটৱতী ৰাজধানী কাম্বোজত আছিল নে তাৰে ওচৰৰ কোনো পাহৰুৱা ৰাজ্যৰ ভিতৰত আছিল। কিন্তু বুদ্ধৰ জীৱন কালতে যে তেওঁৰ কীৰ্ত্তি আৰু প্ৰভাৱ সীমামুৰীয়া ঠাইত বাস কৰা জংঘলী মানুহৰ মাজত বিয়পি পৰিছিল সেইটো হলে সঁচা। ইয়াৰ বাবে আধুনিক উদাহৰণ এটা দিব পৰা যায়। পঞ্জাবৰ উচ্চ সম্প্ৰদায়ৰ লোকৰ তুলনাত সীমা প্ৰদেশৰ পাঠান সকলৰ মাজত গান্ধীজীৰ প্ৰভাৱ ভালেখিনি অধিক দেখা যায়। যদি বুদ্ধৰ সময়তো এনে এটা অৱস্থা হৈছিল তেন্তে তাতেই বা আচৰিত হবলগীয়া কি আছে?

‘ললিতৱিন্তৰ'ত ষোল্লখন ৰাজ্যৰ উল্লেখ

 আমি আগেয়ে কৈ আহিছোঁ‌ যে ‘ললিতৱিন্তৰ'ত এই ষোলখন ৰাজ্যৰ উল্লেখ পোৱা যায়। তাত এই কথা উল্লেখ কৰাৰ প্ৰসঙ্গ হল―


১২।^  বৌদ্ধ-সংঘাচা পৰিচয়, পৃষ্ঠা ২০৩।