এই বুলিও কোৱা হৈছে যে যৱন-কাম্বোজ দেশত আৰ্য্য আৰু দাস এই দুটা জাতি আছে আৰু কেতিয়াবা কেতিয়াবা আৰ্য্যৰ পৰা দাস আৰু দাসৰ পৰা আৰ্য্য হয়। কোনো কোনো জাতৰ কথাৰ পৰা গান্ধাৰ দেশত বৰ্ণাশ্ৰম ধৰ্ম্মই ভালদৰে শিপাই লৈছিল বুলিও স্পষ্টভাৱে জনা যায়। তক্ষশিলাত হলে অধিক ভাগ গুৰু আছিল ব্ৰাহ্মণ জাতিৰ, কিন্তু কাম্বোজত চাতুৰ্বণ্য প্ৰৱেশ কৰা নাছিল। গতিকে কাম্বোজ দেশ গান্ধাৰৰো সিপাৰে আছিল বুলি ধৰিব লাগিব।
‘কুণাল জাতক’ৰ অট্ঠকথাৰ পৰা জনা যায় যে এই দেশৰ মানুহ হেনো বনৰীয়া ঘোঁৰা ধৰাত বৰ পাকৈত আছিল। ঘোঁৰা পানী খাবলৈ আহোঁতে তেওঁলোকে পানী যুঁৱলীৰ কোনো ঠাইত আৰু ওচৰৰ ঘাঁহনিত মৌ লগাই দিছিল। সেই ঘাঁহ খাই খাই গৈ থাকোতে ঘোঁৰা- বোৰ আগতে সাজি থোৱা খোৱাৰত সোমাইছিল আৰু তেতিয়া মানুহে খোৱাৰৰ দুৱাৰ বন্ধ কৰি দি লাহে লাহে ঘোঁৰাবোৰ ধৰি নিছিল। (আজি-কালিও এনেকুৱা পদ্ধতিৰে মহীশূৰৰ হাতী ধৰা হয়।) লোকে বনৰীয়া ঘোঁৰা ধৰি কাম্বোজৰ বেপাৰীহঁতৰ ওচৰত বেচি দিছিল আৰু সেই বেপাৰীহঁতে মধ্যদেশৰ বাৰাণসী আদি নগৰলৈ গৈ সেই যোৰাবোৰ বিক্ৰী কৰিছিল।[১০]
কাম্বোজৰ অধিক লোকৰে বিশ্বাস আছিল যে কীট-পতঙ্গ আদিক মাৰিলে মানুহৰ অত্ম-শুদ্ধি হয়ঃ
কীটা পতঙ্গা উৰগা চ ভেকা
হন্ত্বা কিমিং সুজ্ঝতি মক্খিকা চ।
এতে হি ধম্মা অনৰীয়ৰূপা
কম্বোজকানং ৱিতথা বহুন্নং।^